• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

মিথুন ৰাশিৰ ৰাশিফল 2023: Mithun Rashir Rashifal 2023

Author: Vijay Pathak | Last Updated: Tue 10 Jan 2023 4:00:32 PM

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) হৈছে এষ্ট্ৰোকেম্পৰ এক বিশেষ প্ৰবন্ধ য'ত মিথুন ৰাশিৰ জাতকসকলৰ জীৱনৰ সকলোবোৰ দিশৰ ভৱিষ্যতবাণী অন্তৰ্ভুক্ত কৰা হৈছে। আপুনি জানিবলৈ আগ্ৰহী নেকি যে 2023 চনত আপোনাৰ প্ৰেম জীৱনে আপোনাৰ বাবে কি আনিব? আপোনাৰ কেৰিয়াৰৰ পছন্দবোৰে আপোনাক ক'লৈ লৈ যাব? আপুনি এক স্থিৰ বিত্তীয় জীৱন বজাই ৰাখিবলৈ সক্ষম হ'বনে? এই সকলোবোৰ প্ৰশ্ন আৰু বহুতো প্ৰশ্নৰ উত্তৰ এই বিশেষ মিথুন 2023 ৰাশিফলৰ জৰিয়তে প্ৰদান কৰা হ'ব।

বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি মিথুন ৰাশিৰ লোকসকলৰ বাবে এই বছৰ এপ্ৰিল (22 এপ্ৰিল) মাহত বৃহস্পতি গ্ৰহৰ পৰিবহনৰ লগে লগে একাদশ গৃহ আৰু তৃতীয় গৃহ সক্ৰিয় হৈ পৰিব কিয়নো শনিয়ে ইতিমধ্যে 17 জানুৱাৰীৰ পৰা তৃতীয় (সিংহ ৰাশি) আৰু একাদশ (মেষ ৰাশি) গৃহক প্ৰভাৱিত কৰি আছে। সেয়েহে নেটৱৰ্কিংৰ ক্ষেত্ৰত এই বছৰটো আপোনাৰ বাবে সঁচাকৈয়ে ভাল হ'ব কিয়নো আপুনি আপোনাৰ যোগাযোগত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব আৰু ই আপোনাক প্ৰভাৱশালী লোকসকলৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰাত আৰু বন্ধু আৰু সামাজিক চক্ৰৰ সৈতে মিলামিছা কৰাৰ ক্ষেত্ৰত যথেষ্ট সময় অতিবাহিত কৰাত সহায় কৰিব।

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -য়ে প্ৰকাশ কৰিছে যে একাদশ গৃহত বৃহস্পতিৰ পৰিবহৰ ফলত এই বছৰ আপোনাৰ বহুতো আকাংক্ষা সঁচা হ'ব আৰু আপুনি আনকি আপোনাৰ সঙ্গীৰ সৈতে বহুদিনৰপৰা আকাংক্ষা কৰি থকা ছুটীৰ দিনৰ পৰিকল্পনা কৰিব পাৰিব। অৱশ্যে আপুনি আপোনাৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব। যদি আপুনি সম্পৰ্কত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে তেনেহ’লে আপুনি আপোনাৰ প্ৰেমাস্পদক উপেক্ষা আৰু আঘাত কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু যদি আপুনি এগৰাকী পৰিয়ালকেন্দ্ৰিক ব্যক্তি তেনেহ’লে আপুনি আপোনাৰ সন্তান আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া উচিত। আপুনি তেওঁলোকৰ সৈতে ভাল সময় অতিবাহিত কৰাটো প্ৰয়োজনীয়।

এইবোৰ হৈছে আপোনাৰ ৰাশিৰ বাবে গোটেই বছৰটোৰ গ্ৰহীয় পৰিবহনৰ ওপৰত আধাৰিত সাধাৰণ ভৱিষ্যতবাণী কিন্তু জাতকসকলৰ বাবে নিৰ্দিষ্ট কৰাৰ বাবে আমি জাতকসকলৰ জন্ম পত্ৰিকা, গ্ৰহীয় স্থিতি আৰু দশা চাব লাগিব।

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: मिथुन 2023 राशिफल

মিথুন 2023 ৰাশিফল: আৰ্থিক জীৱন

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -য়ে প্ৰকাশ কৰিছে যে এই বছৰ মিথুন ৰাশিৰ জাতকসকলে গোটেই বছৰটোত ধনৰ এক নিৰন্তৰ প্ৰবাহ উপভোগ কৰিব পাৰিব। মেষ ৰাশিত বৃহস্পতিৰ প্ৰৱেশৰ লগে লগে এপ্ৰিল মাহৰ পৰা আপোনাৰ বিত্তীয় পৰিস্থিতি বৃদ্ধি আৰু উন্নত হ'ব। মাৰ্চ মাহৰ পৰা মে' মাহৰ প্ৰথমাৰ্ধ পৰ্য্যন্ত যেতিয়া আপোনাৰ একাদশ আৰু প্ৰথম গৃহৰ প্ৰভুৰ মাজত বিনিময় হ'ব তেতিয়া আপোনাৰ একাদশ গৃহৰ প্ৰভূ মঙ্গল আপোনাৰ প্ৰথম গৃহত (13 মাৰ্চৰ পৰা 10 মে') প্ৰৱেশ কৰিব আৰু আপোনাৰ লগ্ন প্ৰভু বুধ একাদশ গৃহত (31 মাৰ্চৰ পৰা 7 জুনলৈ) প্ৰৱেশ কৰিব। উপযুক্ত আৰ্থিক লাভ আৰু ভাল সঞ্চয়ৰ যোগ আছে। এই বছৰ আপুনি আপোনাৰ পৰিয়ালৰ বাবে উদাৰতাৰে ধন ব্যয় কৰিব। মিথুন ৰাশিৰ যিসকল জাতকে নিজৰ বাবে উপাৰ্জনৰ এক অতিৰিক্ত উৎস সৃষ্টি কৰাৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ বাবে ই উপযুক্ত বছৰ কিয়নো এনে কৰিবৰ বাবে আপোনাৰ হাতত অতিৰিক্ত ধন উপলব্ধ থাকিব। আপুনি বছৰটোৰ সময়খিনিৰ সদব্যৱহাৰ কৰা উচিত।

ভৱিষ্যতৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে এষ্ট্ৰেচেজ বৃহ ৰাশিফল

মিথুন 2023 ৰাশিফল: স্বাস্থ্য

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) অনুসৰি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিছুমান সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি পাচন তন্ত্ৰৰ সৈতে সম্পৰ্কিত সমস্যাৰো সন্মুখীন হ'ব পাৰে। পঞ্চম গৃহত কেতুৰ উপস্থিতিৰ বাবে পেট বা তলপেটৰ যিকোনো সমস্যা হ'ব পাৰে। মিথুন ৰাশিৰ মহিলাসকলে হৰমনৰ সমস্যা বা ঋতুস্ৰাৱৰ সমস্যাত ভুগিব পাৰে। মিথুন ৰাশিৰ গৰ্ভধাৰণ কৰা মাতৃসকলে গোটেই বছৰটোত তেওঁলোকৰ আৰু তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত সতৰ্ক হৈ থকা প্ৰয়োজন বিশেষকৈ নৱেম্বৰ পৰ্যন্ত। সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰা আৰু আপোনাৰ দৈনিক ৰুটিনত স্বাস্থ্যকৰ আহাৰ আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰা উচিত, বিশেষকৈ নৱেম্বৰ মাহত যেতিয়া আপোনাৰ ৰাশি প্ৰভু ষষ্ঠ গৃহ বৃশ্চিত ৰাশিত প্ৰৱেশ কৰিব। মিথুন ৰাশিৰ জাতকসকল এই বছৰ নিজৰ প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগিব, বিশেষকৈ আপোনাৰ পিতৃ আৰু সন্তানৰ ক্ষেত্ৰত। তেওঁলোকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাওক আৰু তেওঁলোকক স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈ, ব্যায়াম কৰিবলৈ আৰু ভাল জীৱনশৈলী বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰক।

মিথুন 2023 ৰাশিফল: কেৰিয়াৰ

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) অনুসৰি মিথুন ৰাশিৰ জাতকসকলে এই বছৰ নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰাৰ বহুতো সুযোগ লাভ কৰিব। আপোনাৰ সুন্দৰ যোগাযোগৰ বাবে আপুনি আপোনাৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ পৰাও সম্পূৰ্ণ স্বীকৃতি লাভ কৰিব। যিহেতু আপোনাৰ একাদশ গৃহ এপ্ৰিল মাহত বৃহস্পতিৰ পৰিবহনৰ লগে লগে সক্ৰিয় হৈ উঠিব তাৰ ফলত আপোনাৰ একাদশ গৃহত আপোনাৰ দশম প্ৰভু(মেষ ৰাশি)-ৱে আপোনাক কৰ্মস্থানত পুৰষ্কাৰৰ অভিজ্ঞতাৰ আশীৰ্বাদ প্ৰদান কৰিব। আপুনি আনকি পদোন্নতি আৰু দৰমহা বৃদ্ধিও আশা কৰিব পাৰে। আপুনি আনকি প্ৰভাৱশালী লোকসকলৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু নিজৰ বাবে নতুন নেটৱৰ্কৰ সামাজিকীকৰণ আৰু নিৰ্মাণত যথেষ্ট সময় ব্যয় কৰিব। লিখা-মেলা, বেঙ্কিং, শিক্ষকতা আৰু কাউন্সেলিঙত কেৰিয়াৰ থকা লোকসকলে তেওঁলোকৰ কেৰিয়াৰত বিকাশ লাভ কৰিব, ধন, শক্তি আৰু খ্যাতি প্ৰাপ্ত কৰিব। কৰ্মক্ষেত্ৰত আপোনাক ঈৰ্ষা কৰা লোকসকলৰ প্ৰতি সাৱধান হৈ থকা উচিত। তেওঁলোকে আপোনাৰ ভাৱমূৰ্ত্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু তেওঁলোকে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। ব্যৱসায়ত থকা মিথুন ৰাশিৰ জাতকসকলে এই বছৰ ভাল লাভালাভ প্ৰাপ্ত কৰিব আৰু আনকি তেওঁলোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰাৰ বাবেও চেষ্টা কৰিব।

ৰাজ-যোগৰ সময় জানিবৰ বাবে- এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

মিথুন 2023 ৰাশিফল: শিক্ষা

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) অনুসৰি এই বছৰ মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট বাধা আৰু বিভ্ৰান্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আৰু পঞ্চম গৃহত কেতুৰ উপস্থিতিৰ বাবে তেওঁলোকে লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰাটো কঠিন হৈ পৰিব পাৰে। সেয়েহে ভগৱান গণেশক উপাসনা কৰাৰ লগতে প্ৰতি বুধবাৰে দুবৰি বন আৰু বেচনৰ লাড়ু আগবঢ়োৱা উচিত কিয়নো ভগৱান গণেশক তেওঁলোকৰ ভক্তসকলৰ বাবে বিঘ্নহৰ্তা বুলি কোৱা হয় আৰু আপোনাৰ সকলো বাধা-বিঘিনি আঁতৰ কৰাত তেখেতে আপোনাক সহায় কৰিব। আৰক্ষী বাহিনী বা প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নিজৰ প্ৰস্তুতি কৰাৰ বাবে এইখিনি খুব ভাল সময়। আনকি আপুনি যিকোনো ধৰণৰ ফলাফলৰ বাবে অপেক্ষা কৰি থাকিলেও আপুনি সফলতা প্ৰাপ্ত কৰিব আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে দেখা যায়। অধ্যয়নৰ ক্ষেত্ৰত বছৰটোৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে অধিক অনুকূল হ'ব। আপুনি মনোযোগ প্ৰদান কৰিবলৈ সক্ষম হ'ব আৰু 30 অক্টোবৰৰ পিছত যেতিয়া কেতু পঞ্চম গৃহৰপৰা বাহিৰ লৈ যাব তেতিয়া আপুনি আপোনাৰ চিন্তাত স্পষ্টতাৰ অনুভূতি লাভ কৰিব। ডিজাইনিং, গণ যোগাযোগ, লেখা-মেলা আদি সৃষ্টিশীল ক্ষেত্ৰৰ শিক্ষাৰ্থীসকল আটাইতকৈ বেছি লাভান্বিত হ'ব।

মিথুন 2023 ৰাশিফল: পাৰিবাৰিক জীৱন

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -য়ে ভৱিষ্যতবাণী কৰিছে যে এই বছৰ আপুনি আপোনাৰ বৃত্তিগত আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব। আপোনাৰ বাবে জটিল হ'ব পাৰে কিন্তু তথাপি আপুনি আপোনাৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালো আপোনাৰ শক্তি আৰু সমৰ্থন প্ৰণালীৰ উৎস হ'ব। আপুনি আপোনাৰ সন্তান, তেওঁলোকৰ স্বাস্থ্য আৰু তেওঁলোকৰ আৱেগিক সুস্থতাৰ প্ৰতি মনোযোগ প্ৰদান কৰিব লাগিব আৰু তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিব লাগিব। মে' মাহৰপৰা বছৰৰ শেষ পৰ্য্যন্ত সময়ছোৱা আপোনাৰ বাবে অনুকূল হ'ব কিয়নো বুধ, শুক্ৰ আৰু সূৰ্যৰ দৰে বেছিভাগ শুভ আৰু অনুকূল গ্ৰহ আপোনাৰ পত্ৰিকাৰ প্ৰথম চাৰিটা গৃহত পৰিবহন কৰিব। গ্ৰহবোৰৰ এই স্থিতিয়ে আপোনাৰ ঘৰখন সুখ-শান্তিৰে ভৰাই তুলিব আৰু আপুনিও আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সময় অতিবাহিত কৰিব পাৰিব। মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -ৰ পূৰ্বানুমান অনুসৰি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰিপক্ক আৰু উন্নত মানদণ্ডৰ কথোপকথন উপভোগ কৰিব আৰু আপোনালোকৰ বন্ধন শক্তিশালী হৈ উঠিব।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

মিথুন 2023 ৰাশিফল: দাম্পত্য জীৱন

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -য়ে ভৱিষ্যতবাণী কৰে যে এই বছৰ আপোনাৰ সপ্তম প্ৰভু বৃহস্পতি একাদশ গৃহলৈ (মেষ ৰাশি) যাত্ৰা কৰিব, যিয়ে দেখুৱায় যে এই বছৰ আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ বহুতো আকাংক্ষা বাস্তৱত পৰিণত হ'ব। আপুনি আনকি আপোনাৰ সঙ্গীৰ সৈতে বহুদিনৰপৰা ভাবি থকা ছুটীৰ পৰিকল্পনা কৰিব পাৰে। তাৰ লগতে আপুনি সামাজিকীকৰণ আৰু উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰি সময় অতিবাহিত কৰিব। 22 এপ্ৰিলৰ পিছত বৃহস্পতি গ্ৰহৰ উপকাৰৰ ফলত আপোনাৰ দাম্পত্য জীৱন সমৃদ্ধ হ'ব। যদি এতিয়ালৈকে কোনো সমস্যা আছে তেনেহ'লে আপোনাৰ দাম্পত্য জীৱন এই বছৰ পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব। যিহেতু বৃহস্পতি আপোনাৰ দশম প্ৰভু সেয়েহে আপুনি আপোনাৰ সঙ্গীৰ সৈতে ব্যৱসায়ত লিপ্ত হোৱাৰ সম্ভাৱনা আছে। আপুনি আনকি ব্যৱসায়ত আইনী অংশীদাৰীত্ব আৰম্ভ কৰিব পাৰে যি ফলপ্ৰসূ প্ৰমাণিত হ'ব। আৰু যদিহে আপুনি এতিয়ালৈকে বিবাহিত নহয় আৰু আপোনাৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰি পোৱা নাই তেনেহ'লে এই বছৰ আপুনি আপোনাৰ পেছাদাৰী চক্ৰত আপোনাৰ জীৱন সংগী বিচাৰি পোৱাৰ গভীৰ সম্ভাৱনা দেখা যায়।

আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্ত লাভ কৰক: এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

মিথুন 2023 ৰাশিফল: প্ৰেম জীৱন

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -য়ে কয় যে এই বছৰ কেতু 30 অক্টোবৰলৈকে আপোনাৰ তুলা ৰাশিৰ পঞ্চম গৃহৰ চিহ্নত থাকিব। সেয়েহে যদি আপুনি সম্পৰ্কত প্ৰতিশ্ৰুতিবদ্ধ হয় তেনেহ'লে আপুনি আপোনাৰ প্ৰেমিকক উপেক্ষা আৰু আঘাত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। সেয়েহে আপুনি নিজৰ সঙ্গীৰ সৈতে কোনো কথাৰ বাবে তৰ্কত লিপ্ত হোৱা বা তেওঁৰ ওপৰত চাপ প্ৰয়োগ কৰাটো পৰিহাৰ কৰা উচিত আৰু আপোনাৰ প্ৰেমাস্পদে কি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া জানিবলৈ আৰু বুজিবলৈ চেষ্টা কৰা উচিত। মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -ৰ মতে বছৰটোৰ শেষত অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰৰ মাজভাগত আপুনি প্ৰেমত সকাহ অনুভৱ কৰিব কিয়নো কেতু আপোনাৰ পঞ্চম গৃহৰপৰা ওলাই যাব আৰু আপোনাৰ লগ্ন প্ৰভু বুধ আৰু পঞ্চম প্ৰভূ শুক্ৰ আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। এই পৰিবহনে আপোনাৰ বাবে প্ৰেমজনক সময় আৰু সকাহৰ অনুভূতি লৈ আহিব।

মিথুন ৰাশিৰ ৰাশিফল 2023 (Mithun Rashir Rashifal 2023) -ৰ বিষয়ে অধিক জানিবৰ বাবে- শ্ৰেষ্ঠ জ্যোতিষীসকল সৈতে কথা পাতক

প্ৰতিকাৰসমূহ

  • ভগৱান গণেশক উপাসনা কৰক আৰু দুবৰি বন আগবঢ়াওক।
  • গৰুক দৈনিক সেউজীয়া পশুখাদ্য খুৱাওক।
  • 5-6 কেৰেটৰ পান্না পৰিধান কৰক। বুধবাৰে ইয়াক পঞ্চ ধাতু বা সোণৰ আঙুঠিত ছেট কৰক। ই শুভ ফলাফল প্ৰদান কৰিব।
  • তুলসী গছত দৈনিক পানী দিয়ক আৰু নিয়মীয়াকৈ 1 টা পাত খাওক।
  • বুধ বীজ মন্ত্ৰ জপ কৰক।

এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে অশেষ ধন্যবাদ!

More from the section: Horoscope 3524
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2023
© Copyright 2024 AstroCAMP.com All Rights Reserved